![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰোনাৰ টীকা এতিয়াও লোৱা নাই নেকি? তেনেহ’লে খৰধৰ কৰক৷ কিয়নো টীকা নোলোৱাসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ৷ টীকা নোলোৱা লোকসকলৰ বাবে ১৫ জানুৱাৰীৰ পৰা সম্পূৰ্ণ লকডাউন। অৰ্থাৎ তেওঁলোক ওলাব নোৱাৰিব ঘৰৰ বাহিৰলৈ৷ ঘৰৰ বাহিৰলৈ ওলালেই শাস্তিৰ সন্মুখীন হ’ব৷ শুকুৰবাৰে ৰাজ্যত নতুন কৰোনা বিধি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে।
কোভিড টীকাৰ দুয়োটা পালি নোলোৱাসকলৰ বাবে বাধা-নিষেধবোৰ হৈছে :
• হস্পিটেলৰ বাহিৰে হোটেল, চিনেমা হল, বজাৰ, শ্বপিং মল, দোকান, কোনো অনুষ্ঠান, চৰকাৰী কাৰ্যালয়কে আদি কৰি কোনো ৰাজহুৱা স্থানতে প্ৰৱেশ কৰিব নোৱাৰিব টীকা নোলোৱা ব্যক্তি।
• ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত যদি কোনো টীকা নোলোৱা ব্যক্তি প্ৰৱেশ কৰে তেন্তে তাৰ কৰ্তৃপক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকা জৰিমনা।
• টীকাৰ দুয়োটা পালি লোৱাৰ প্ৰমাণ-পত্ৰ দেখুৱাইহে এজন ব্যক্তি হোটেল, ৰেষ্টুৰেণ্ট, চৰকাৰী কাৰ্যালয় আদিলৈ যাব পাৰিব।
• ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীসকল ১৫ জানুৱাৰীৰ পিছত যাব নোৱাৰিব কাৰ্যালয়লৈ।
• ৰাজহুৱা পৰিবহণতো যাত্ৰা কৰিব নোৱাৰিব টীকা নোলোৱা ব্যক্তি। গাড়ীত উঠাৰ পূৰ্বে যাত্ৰীয়ে দেখুৱাব লাগিব টীকা লোৱাৰ প্ৰমাণ-পত্ৰ।













