![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ৰাজ্যৰ নতুন কৰোনা বিধি৷ দেশজুৰি হোৱা কোভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰে এই নতুন SOP। নতুন SOPত বিভিন্ন বাধা-নিষেধৰ লগতে আগন্তুক ভোগালী বিহু উদযাপন সন্দৰ্ভতো মন্তব্য কৰে সংবাদমেলত৷
নিশা ১০ বজাৰ ভিতৰত ভোজ-ভাত খাই ঘৰলৈ উভতাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷ ভেলাঘৰত কোনো লোকক ৰাতি নাথিকবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷ নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত পুৱা ছয় বজাত ভেলাঘৰ জ্বলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ আনহাতে, উৰুকাৰ মাছৰ বজাৰৰ ভিৰ চম্ভালিবৰ বাবেও আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰি এতিয়াৰে পৰা কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ বাহিৰে বাকীসকলৰ ক্ষেত্ৰত কোভিডৰ চিকিৎসা বিনামূলীয়া নহ’ব বুলিও উল্লেখ কৰে। আনহাতে, আজিৰে পৰা মাস্ক নিপিন্ধিলে জৰিমনা ভৰিব লাগিব বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে৷













