![]()
নিউজ ডেস্কঃ
দেশত উদ্বেগজনকভাবে বাঢ়িছে কৰোনাৰ নতুন প্ৰজাতি ওমিক্রন আক্রান্তৰ সংখ্যা। দেশত বর্তমান মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৩ হাজাৰ ৭১ জন। অৱশ্যে তেওঁলোকৰ মাজৰ ২০৩ জন ইতিমধ্যে সুস্থ হৈ উঠিছে।
ওমিক্রন আক্রান্তৰ দিশতো শীর্ষত মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ ৮৭৬ জন কৰোনাৰ নতুন প্ৰজাতি ওমিক্রনত আক্রান্ত হৈছে। ইয়াৰ পিছত থকা দিল্লীত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৫১৩। হঠাতে দেশত হোৱা কৰোনা বিস্ফোৰণৰ আঁৰত ওমিক্রনকেই দায়ী কৰিছে বিশেষজ্ঞসকলে।













