![]()
নিউজ ডেস্কঃ
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্তৰ৷ উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ আজি মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই এই ৫খন ৰাজ্যৰ নিৰ্বাচনৰ দিন আৰু ভোটগণনাৰ তাৰিখ ঘোষণা কৰে৷
ঘোষণা মতে, উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১০ ফেব্ৰুৱাৰীত৷ ইয়াৰ পিছত ক্ৰমে ১৪, ২০, ২৩, আৰু ২৭ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচন৷ ৩ আৰু ৭ মাৰ্চত অনুষ্ঠিত হ’ব অন্তিম দুটা পৰ্যায়ৰ নিৰ্বাচন৷
মণিপুৰত অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত নিৰ্বাচন৷ ২৭ ফ্ৰেব্ৰুৱাৰী আৰু ৩ মাৰ্চত অনুষ্ঠিত হ’ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন৷ পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৪ ফ্ৰেব্ৰুৱাৰীত এটা পৰ্যায়ত৷
আনহাতে, আটাইকেইখন ৰাজ্যৰে ভোটগণনা অনুষ্ঠিত হ’ব ১০ মাৰ্চত৷
উল্লেখ্য, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মণিপুৰ আৰু গোৱাত এইবাৰ নিজৰ দুৰ্গ ৰক্ষাৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিজেপি৷
কোভিড পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰাটো এক বিৰাট ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে সম্পূৰ্ণ কোভিড বিধি মানিয়েই অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ভোট আৰু ভোটাৰসকলক ৰক্ষা কৰাই মূল উদ্দেশ্য বুলিও তেওঁ লগতে কয়৷
উল্লেখ্য, ৫ ৰাজ্যৰ মুঠ ১৮ কোটি ৩০ লাখ ভোটাৰে পৰৱৰ্তী ৫ বছৰৰ বাবে নিজৰ শাসক নিৰ্বাচন কৰিব৷ আনহাতে, কৰোনা আক্ৰান্তসকলৰ বাবে থাকিব পোষ্টেল ভোটৰ ব্যৱস্থা৷ মহিলা ভোটাৰসকলৰ বাবে থাকিব মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ৷ ৫খন ৰাজ্যত এনে ভোটকেন্দ্ৰ থাকিব মুঠ ১,৬২০টা৷ নিৰ্বাচন পৰিচালনাৰ দায়িত্বত থাকিব ৯০০ পৰ্যবেক্ষক৷ বৃদ্ধি কৰা হৈছে নিৰ্বাচনী ব্যয়ৰ ঊৰ্ধ্বসীমাও৷
প্ৰত্যেক দলে তেওঁলোকৰ প্ৰাৰ্থীৰ তথ্য সবিস্তাৰে দলীয় ৱেব ছাইটত আপলোড কৰিব লাগিব৷ প্ৰাৰ্থীসকলৰ কাৰোবাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ আছে নেকি সেয়াও জনাব লাগিব৷ ভাৰ্চুৱেল আৰু ডিজিটেল মাধ্যমত নিৰ্বাচনী প্ৰচাৰত জোৰ দিবলৈও আহ্বান জনোৱা হৈছে৷ আনহাতে, ১৫ জানুৱাৰীৰ পূৰ্বে কৰিব নোৱাৰিব কোনো প্ৰচাৰ কাৰ্য বা জনসভা৷













