![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী ৰীনা ৰয় আৰু ৰেখা দুয়োগৰাকী সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁলোক নিজৰ প্ৰেমৰ সম্পৰ্কৰ বাবে বহুল হাৰত চৰ্চিতও হৈছিল। য’ত ৰীনা ৰয়ৰ নাম শত্ৰুঘ্ন সিনহাৰ সৈতে জড়িত হৈছিল আৰু তাৰ বিপৰীতে ৰেখাৰ নাম জড়িত হৈছিল অমিতাভ বচ্চনৰ সৈতে। দুয়োগৰাকী অভিনেত্ৰীকে ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত ‘নাগিন’ ছবিখনত একেলগে কাম কৰিছিল, ছবিখন ৰাজকুমাৰ কোহলীয়ে প্ৰযোজনা কৰিছিল।
আচলতে, ছবিখনত ৰেখা আৰু সুনীল দত্তৰ এটা গানৰ ওপৰত দৃশ্যগ্ৰহণ কৰা হৈছিল। গানটোৰ কথা আছিল ‘তেৰে ইশ্ক কা মুঝে হুয়া ইয়ে আছাৰ হে’। ৰেখাই গানটোৰ বাবে কেইবাটাও পোছাক প্ৰত্যাখ্যান কৰাৰ পিছত নিজৰ বাবে এটা পোছাক চূড়ান্ত কৰিছিল৷ কোনো কাৰণত ৰীনা ৰয় আৰু জীতেন্দ্ৰই ৰেখাই উক্ত গীতটোৰ শ্বুটিং কৰাৰ আগতে ‘তেৰে চাং প্যাৰ মেনে নহি টোডা’ ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল৷ গানটোৰ দৃশ্যগ্ৰহণৰ সময়ত ৰেখাও উপস্থিত আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰীনা ৰয়ে পিন্ধা পোছাক যোৰ ৰেখাৰ পোছাকৰ তুলনাত বহুত ভাল আছিল আৰু তাৰ ফলত ৰেখা অগ্নিগৰ্ভা হৈ পৰিছিল।
জানিবলৈ পোৱা মতে, ৰেখাই পোনপটীয়াকৈ ছবিখনৰ প্ৰযোজক ৰাজকুমাৰ কোহলীৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ পোছাকযোৰ সলনি কৰিবলৈ কৈছিল। ৰেখাই স্পষ্টকৈ কৈছিল যে, “মই সেই পোছাকত দৃশ্যগ্ৰহণ নকৰো। আপুনি মোতকৈ ৰীনা ৰয়ক এযোৰ ভাল পোছাক দিছে। মোক এযোৰ ভাল পোছাক দিয়ক অন্যথা আন কাৰোবাক সেই গানটোৰ দৃশ্যগ্ৰহণ কৰিবলৈ দিয়ক।” সেই সময়ত ৰেখা এটা ডাঙৰ নাম আছিল। প্ৰযোজকজন আচৰিত হৈছিল যদিও ৰেখাৰ কথা শুনিবলৈ তেওঁ প্ৰস্তুত হৈছিল।













