![]()
স্বাস্থ্য প্ৰতিবেদনঃ
বহুতৰে নিশা বিছনাত উঠি চটফটাই থাকে, টোপনি নাহে। টোপনি নহাৰ অৱশ্যে বহু কাৰণ থাকিব পাৰে। কিন্তু এই সমস্যাৰ সমাধানৰ বাবে আপুনি নিজাববীয়াকৈও ল’ব পাৰে কিছু সতৰ্কতামূলক ব্যৱস্থা।
● সন্ধিয়া সময়ত Blue light (নীলা ৰশ্মি)ৰ পৰা দূৰত থাকিব। সন্ধিয়া ৮ বজাৰ পিছত ম’বাইল, লেপটপ আদিৰ ব্লু লাইটে টোপনি আহিবলৈ দৰকাৰী Melatoninৰ স্তৰ কমাই আনে। সেয়েহে ইয়াৰ পৰা বিৰত থাকক।
● সদায় একে সময়তে শুবলৈ আৰু পুৱা উঠিবলৈ চেষ্টা কৰক।
● সন্ধিয়াৰ ভাগত কফিজাতীয় বস্তু নাখাব।
● দিনৰ ভাগত দীঘলীয়া টোপনি পৰিহাৰ কৰক।
● ৰাতি পলমকৈ খাদ্য নাখাব।
● সুৰা সেৱন নকৰিব।
● সন্ধিয়া সময়ত গা ধুলে দেহটো সতেজ হৈ পৰে। ই ভাল টোপনি অহাত সহায় কৰে।
● প্ৰতিদিনে ব্যায়াম কৰক।
● ভাল টোপনি অহাৰ উপযোগীকৈ আপোনাৰ বিছনাখন সজাই ল’ব। পোহৰ, শব্দ আদিৰ পৰা আঁতৰত শান্তিৰে শুবলৈ যত্ন কৰক।
● ডাক্তৰৰ পৰামৰ্শ লৈ Melatonin Supplement ল’ব পাৰে।
● শোৱাৰ আগমুহূৰ্তত ব্যায়াম নকৰিব।
● শোৱাৰ আগমুহূৰ্তত কোনো ধৰণৰ পানীয় নাখাব। ইয়াৰ ফলত আপোনাৰ প্ৰস্ৰাৱ লাগি থকাৰ বাবে টোপনিত ব্যাঘাত জন্মিব পাৰে।













