![]()
নিউজ ডেস্কঃ
কোভিডৰ প্রকোপ বৃদ্ধি পাইছে বিপজ্জনক হাৰত। দেওবাৰৰ পৰিসংখ্যা মতে, বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ১ লক্ষ ৫৯ হাজাৰ ৬৩২ জন। ইয়াৰ মাজতেই দিল্লী, মুম্বাই, বেঙ্গালুৰুৰ দৰে ডাঙৰ চহৰবোৰত চিকিৎসক, চিকিৎসাকর্মীসকল আক্রান্ত হৈছে।
এইবাৰ আক্রান্ত হৈছে দেশৰ আইন ব্যৱস্থাৰ প্রতিনিধিসকল। জানিব পৰা মতে, ছুপ্রিম কোর্টৰ চাৰিজন ন্যায়াধীশ কোভিডত আক্রান্ত হৈছে। সূত্রৰ খবৰ মতে, চাৰিগৰাকী ন্যায়াধীশৰ লগতে ১৫০ ষ্টাফ মেম্বাৰ হয় কৰোনা পজিটিভ অথবা কোৱাৰেইনটাইনত আছে। শীর্ষ আদালতত মুঠ ৩২ জন ন্যায়াধীশ দায়িত্বত আছে। তেওঁলোকৰ মাজত পজিটিভিটি ৰেট এই মুহূর্তত ১২.৫০ শতাংশ।













