![]()
নিউজ ডেস্কঃ
সংসদৰ বাজেট অধিবেশন আসন্ন। ইয়াৰ মাজতেই সৃষ্টি হৈছে অথন্তৰ। সংসদৰ প্ৰায় ৪০০ জন কৰ্মচাৰীৰ কোভিড ৰিপোর্ট পজিটিভ আহিল। ৪ৰ পৰা ৮ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হয়।
একেলগে ইমানজনৰ ৰিপোর্ট পজিটিভ অহাত জিনোম পৰীক্ষাৰ বাবে নমুনা পঠোৱা হৈছে। সংসদত কৰ্মচাৰীৰ সংখ্যা ১,৪০৯। এএনআইৰ সূত্ৰ মতে, তেওঁলোকৰ ভিতৰত ৪০২ জনৰেই ৰিপোর্ট পজিটিভ। সংসদ সূত্ৰ মতে, লোকসভাৰ ২০০, ৰাজ্যসভাৰ ৬৯ আৰু ১৩৩ জন অন্য কৰ্মচাৰী আক্রান্ত হৈছে।













