ASSAM TIMES POST
নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি নগাঁৱতো নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাসৰ দাবীত নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ভাৰত তথা অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্রত অসম চৰকাৰৰ যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
কৃষক সংগঠনটোৱে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মন্তব্য কৰি যোগান বিভাগৰ মন্ত্রী ফনীভূষন চৌধুৰীৰ পদত্যাগৰ দাবীত উত্তাল কৰি তোলে জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদ।
আনহাতে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কক কোনো ক্ষেত্রতে সমৰ্থন কৰা নহব বুলিও হুংকাৰ দিয়ে। তেওঁলোকে ‘কেব’ৰ বিৰোধিতা কৰি যাব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।












