![]()
ডিফুঃ
অসম সাহিত্য সভাৰ সহযোগত ডিফুৰ ৰাংছিনা ভৱনত আজি সাহিত্য অকাডেমিয়ে কাৰবি পৌৰাণিক সাহিত্যৰ ওপৰত তিনিখনকৈ আলোচনা সভা অনুষ্ঠিত কৰে। পুৱা সাহিত্য অকাডেমিৰ এই গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠানিক ভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে। অনুষ্ঠান মুকলি কৰি দিয়া ভাষণত তেখেতে সাহিত্য অকাডেমিয়ে আমন্ত্ৰণ কৰা সভাৰ বাবে কলকতালৈ গৈ কি দৰে টেক্সিত নিজৰ বেগ এৰিছিল আৰু পিছদিনা অসম ভৱনলৈ আহি টেক্সি চালকে বেগটো ঘূৰাই দিয়াৰ কথা স্মৰণ কৰে ৷

সাহিত্যিক গৰাকীয়ে
আজিৰ দিনটো কাৰবি ভাষা-সাহিত্যৰ বাবে এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে ৷ সাহিত্য অকাডেমিয়ে কাৰবি পৌৰাণিক সাহিত্য , কাৰবি ৰামায়ণ আৰু সাহিত্যিক লংকাম টেৰণৰ কৰ্মৰাজিৰ আলোচনা কৰাটো নতুন বছৰৰ অতি ভাল কথা বুলি কয় ৷ অভিযন্তা নিপু চৰণ দত্তৰ সভাপতিত্ব অনুস্হিত উদ্ধোধনী অনুষ্ঠানত সাহিত্য অকাডেমিৰ আঞ্চলিক সম্পাদক দেবেন্দ্ৰ কুমাৰ দেৱেচ আৰু হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে ভাগ লয় ৷ আঞ্চলিক সম্পাদক গৰাকীয়ে সাহিত্য অকাডেমিয়ে ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ ব্যাখ্যা কৰে ৷
ইয়াৰ পিছতে বিশিষ্ট লেখক ধৰমছিং টেৰণৰ সভাপতিত্ব হোৱা কাৰবি ৰিছুৱেল সাহিত্যৰ ওপৰত লিখিত ভাষণ দিয়ে পাৰি ৰংপি , হাংমিজি হাঞ্চে আৰু লুনচে তিমুঙে ৷ দ্বিতীয় আলোচনাৰ বিষয় আছিল লংকাম টেৰণৰ সাহিত্য সম্পৰ্কে আলোচনা ৷ দেবেন কাকতিৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত ভাগ লয় সাহিত্যিক–সাংবাদিক পবিত্ৰ বৰা , মঞ্জু টেৰণপী ,জয়ছিং টকবী আৰু গীতা বৰাই ৷ শেষৰ আলোচনাৰ বিষয় আছিল কাৰবি ৰামায়ণ চাবিন আলুনত নাৰী চৰিত্ৰ ৷
অধ্যাপক কাবিন টেৰণপীৰ সঞ্চালনাত সম্পন্ন হোৱা এই আলোচনাত অংশগ্ৰহণ কৰে মনালিছা ৰংপিপী , গীতা হাঞ্চেপী , মেগী কাথাৰপী, বন্দিতা টেৰণপী আৰু ছেৰদিহুন বেপীয়ে ৷ অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যলয় ৰাংছিনা ভৱনত আয়োজিত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত বৌদ্ধিক মহল উপস্থিত থাকে ৷













