![]()
নিউজ ডেস্কঃ
দেশত উদ্বেগজনকভাবে বাঢ়িছে কৰোনাৰ নতুন ৰীপ ওমিক্রনত আক্রান্তৰ সংখ্যা। দেওবাৰে ভাৰতত ওমিক্রন আক্রান্তৰ সংখ্যাই ৪ হাজাৰ স্পৰ্শ কৰিলে। দেশত বর্তমান মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৪ হাজাৰ ৩৩ জন। অৱশ্যে তাৰে ভিতৰত ১ হাজাৰ ৫৫২ জন ইতিমধ্যে সুস্থ হৈ উঠিছে। ওমিক্রন আক্রান্তৰ ফালৰ পৰাও শীর্ষত মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ ১ হাজাৰ ২৬২ জন কৰোনাৰ নতুন ৰূপ ওমিক্রনত আক্রান্ত হৈছে। ওমিক্রন আক্রান্তৰ হিচাবত দিল্লীক অতিক্ৰমি দ্বিতীয় স্থানত উপনীত হৈছে ৰাজস্থান। ৰাজস্থানত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৫২৯। তৃতীয় স্থানত দিল্লী। দিল্লীত ওমিক্রনত আক্রান্তৰ সংখ্যা ৫১৩ জন।
আনহাতে, দেশত ২৪ ঘণ্টাত কৰোনাত দৈনিক সংক্রমণ বাঢ়িল ১২.৫ শতাংশ। সোমবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দিয়া কৰোনা পৰিসংখ্যা অনুযায়ী, ভাৰতত বিগত ২৪ ঘণ্টাত মুঠ ১ লক্ষ ৭৯ হাজাৰ ৭২৩ জন কৰোনাত আক্রান্ত হৈছে। ইয়াৰ ফলত দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হ’ল প্রায় ৩ কোটি ৫৭ লক্ষ ৭ হাজাৰ ৭২৭। দৈনিক সংক্রমণৰ হাৰ ১৩.২৯ শতাংশ।
সুস্থতাৰ হাৰো কিছু কমি ৯৬.৬২ শতাংশ হৈছে। দেশত বর্তমান সক্রিয় কোভিড আক্রান্তৰ সংখ্যা ৭ লক্ষ ২৩ হাজাৰ ৬১৯। দেশত বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্ত হৈ ১৪৬ জনৰ মৃত্যু হৈছে। কৰোনাত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৪ লক্ষ ৮৩ হাজাৰ ৯৩৬ জন।













