![]()
নিউজ ডেস্কঃ
দেশৰ লগতে ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ কৰোনা আক্ৰান্তৰ সংখ্যাও৷ তাৰ মাজতে কৰোনাৰ সন্ত্ৰাস আৰম্ভ হৈছে অসম আৰক্ষীতো৷ কৰোনাত আক্ৰান্ত হৈছে বহু কেইজন অসম আৰক্ষীৰ শীৰ্ষ বিষয়া।
জানিব পৰা মতে, শেহতীভাৱে কৰোনাত আক্ৰান্ত হৈছে অসম আৰক্ষীৰ এডিজিপি হীৰেন নাথ৷ আক্ৰান্ত হৈছে ডিআইজি সত্যৰাজ হাজৰিকা, এছপি ৰাজেন সিং।
শদিয়াৰ এছপি মোহনলাল মিনা, শোণিতপুৰৰ এছপি ধনঞ্জয় পৰশুৰাম ঘানাৱট, চিআইডিৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং কৰোনাত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ আনহাতে, গোৱালপাৰাৰ এছপি ভি ভি ৰাকেশ ৰেড্ডীও কৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত হৈছে কেইবাগৰাকীও অতিৰিক্ত আৰক্ষী অধীক্ষক। উল্লেখ্য, দুলীয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পৰাই এই সংক্ৰমণ বুলি অনুমান কৰা হৈছে।













