![]()
নিউজ ডেস্কঃ
সতর্কতামূলক ব্যৱস্থা হিচাবে সোমবাৰৰ পৰা স্বাস্থ্যকর্মী, প্রথমশাৰীৰ কর্মচাৰী আৰু কোমর্বিডিটি থকা ষাঠিঊর্ধ্বৰ ব্যক্তিসকলক বুষ্টাৰ টীকাকৰণ আৰম্ভ হৈছে। দেশত বর্তমান চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ বৃহৎ অংশ কৰোনা সংক্রমিত, এনে পৰিস্থিতিত তেওঁলোকে তৃতীয় টীকা ল’ব পাৰিবনে নাই, তাক লৈও প্রশ্ন উঠিছে।
এই সন্দৰ্ভত অৱশ্যে স্বাস্থ্য মন্ত্ৰালয়ৰ নির্দেশনাত স্পষ্ট একো কোৱা হোৱা নাই। যোৱা বছৰ মে’ মাহত জাৰি কৰা নির্দেশনাত কোৱা হৈছিল যে প্রথম টীকা লোৱাৰ পিছত যিসকল কোভিড পজিটিভ হৈছে, তেওঁলোকে দ্বিতীয় টীকা ল’বলৈ প্ৰায় ৩ মাহ অপেক্ষা কৰিব লাগিব। কিন্তু তৃতীয় টীকা সংক্রান্তীয় নির্দেশনাত এই ক্ষেত্ৰত একো কোৱা হোৱা নাই। ফলত চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ মাজত ইয়াকে লৈ প্রশ্ন উত্থাপন হৈছে।













