![]()
নিউজ ডেস্কঃ
পঞ্জাবত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তাত গাফিলতিৰ ঘটনাত নিৰপেক্ষ তদন্ত কমিটি গছন কৰিলে ছুপ্রিম কোৰ্টে। কমিটিখনৰ শীর্ষত থাকিব ছুপ্রিম কোর্টৰেই এজন অৱসৰপ্রাপ্ত ন্যায়াধীশ। ফলত পঞ্জাব চৰকাৰ আৰু কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ তদন্ত স্থগিতৰ নির্দেশ দিলে শীর্ষ আদালতে।
পঞ্জাব ভ্ৰমণত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তাত গাফিলতি হোৱাৰ অভিযোগত সম্প্রতি ছুপ্রিম কোর্টত এটি গোচৰ ৰুজু হয়। উক্ত গোচৰৰ প্রথম দিনৰ শুনানিতেই শীর্ষ আদালতে কেন্দ্রক জনাইছিল, প্রধানমন্ত্রীৰ নিৰাপত্তাত ভুল বিৰলৰ ভিতৰত বিৰলতম ঘটনা। ইয়াৰ ফলত আন্তর্জাতিক মহলত লাজৰ সন্মুখীন হ’বলগা হ’ব পাৰে ভাৰত। ইয়াৰ পিছত সোমবাৰৰ শুনানিৰ সময়ত ছুপ্রিম কোৰ্টে জানায়, ‘সেইদিনা যি গাফিলতি হৈছিল সেয়া পঞ্জাব চৰকাৰেও মানি লৈছে।
বৰ্তমান প্রশ্ন হ’ল, কাৰ তদন্তৰ পৰিধি কিমান হ’ব। কেন্দ্রই যদি দোষীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিয়েই পেলায়, তেনে ক্ষেত্রত আদালতে কৰিবলগা কি থাকিব৷’ ইয়াৰ পিছতেই এটি উচ্চ পর্যায়ৰ নিৰপেক্ষ তদন্ত কমিটি গঠনৰ সিদ্ধান্ত লয় শীর্ষ আদালতে।













