![]()
নিউজ ডেস্কঃ
একেৰাহে ঊর্ধ্বমুখী কোভিড গ্রাফ। সোমবাৰেও সেয়া অব্যাহত আছে। বিশেষজ্ঞসকলৰ দাবী, কোভিডৰ তৃতীয় ঢৌৰ বাবে দায়ী ওমিক্রন। ডেল্টাৰ তুলনাত কেইবা গুণো বেছি সংক্রামক ওমিক্রন দাবানলৰ দৰে দেশত বিয়পিছে। প্রতিদিনে বাঢ়িছে সংক্রমণ। দেওবাৰৰ তুলনাত সোমবাৰে দেশত দৈনিক সংক্রমণ বাঢ়িল ১২.৫ শতাংশ।
সোমবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত ১ লক্ষ ৭৯ হাজাৰ ৭২৩ জন। কৰোনাত প্রাণ হেৰুৱাইছে ১৪৬ জনে। দেশত পজিটিভি ৰেট ১৩.২৯ শতাংশ। সক্রিয় ৰোগীৰ সংখ্যা বাঢ়ি হৈছে ৭ লক্ষ ২৩ হাজাৰ ৬১৯।
জিন পৰীক্ষাৰ জৰিয়তে জনা গৈছে যে দেশত এই মুহূর্তত ওমিক্রন আক্রান্তৰ সংখ্যা ৪ হাজাৰ ৩৩।
স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, দেশৰ ভিতৰত সর্বোচ্চ সংক্রমণ মহাৰাষ্ট্রত। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৪৪ হাজাৰোধিক লোক আক্রান্ত হৈছে। দ্বিতীয়ত আছে পশ্চিমবঙ্গ। তাত ২৪ হাজাৰ লোক আক্রান্ত। ইয়াৰ পিছতেই আছে দিল্লী, তামিলনাডু, কর্নাটক। তাৰ মাজতে আজিৰ পৰা দেশত আৰম্ভ হৈছে বুষ্টাৰ পালি টীকাকৰণ।













