![]()
নিউজ ডেস্কঃ
অহা ১০ ফেব্রুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্যৰ বিধানসভা নির্বাচন। তাৰ পূৰ্বে উক্ত ৰাজ্যকেইখনত কৰোনা টীকাৰ প্ৰমাণ-পত্রৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবি আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ নির্বাচন আয়োগৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যকেইখনত জাৰি হোৱা নির্বাচনী আদর্শ আচৰণবিধি মানিয়েই এই সিদ্ধান্ত বুলি জনোৱা হৈছে।
নির্বাচন আয়োগে জনোৱা মতে, উক্ত পাঁচ ৰাজ্যত টীকাৰ এপ কো-উইনৰ পৰা প্ৰমাণ-পত্র ডাউনলোড কৰিলেও তাত মোদীৰ ছবি নাথাকিব। তাৰ বাবে জৰুৰী ভিত্তিত এটি ফিল্টাৰ লগোৱাৰ ব্যৱস্থা কৰা হৈছে উক্ত এপত।
উল্লেখ্য, উত্তৰ প্রদেশ, মণিপুৰ, পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত অহা ৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব নির্বাচন প্রক্রিয়া।













