![]()
নিউজ ডেস্কঃ
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেছক্ৰিপচন নকল কৰি হাতে-লুটে ধৰা পৰিল এটা দালাল।বিনামূলীয়া ঔষধ ভুৱা প্ৰেছক্ৰিপচনে চিকিৎসালয়খনৰ পৰা সংগ্ৰহ কৰি বাহিৰত বিক্ৰী কৰি আহিছিল ধৃত দালালটোৱে।
আটক কৰা দালালটোৰ কুলদ্বীপ দত্ত বুলি জানিব পৰা গৈছে।ধৃত কুলদ্বীপৰ ঘৰ গুৱাহাটী হেঙেৰা বাৰীত।
উল্লেখ্য প্ৰাপ্ত খবৰ মতে ৰোগীৰ বাবে অহা ঔষধ ভুৱা প্ৰেছক্রিপচন দেখাই নিবলৈ আহোঁতে ফাৰ্মাচিষ্টৰ সন্দেহ হয়।ধৃত দালালটোক প্ৰশ্ন কৰাত পলাবলৈ চেষ্টা কৰোঁতেই আটক কৰে।পিছতে জিএমচিএইচ কর্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত গতাই দিয়ে দালাল কুলদ্বীপক।
গুৰুত্বপূৰ্ণ কেইদিন মানৰ পূৰ্বেই এগৰাকী ৰোগীক আই চি ইউ দিয়া নামত ধন লৈ গ্ৰেপ্তাৰ হৈছিল এটা দালাল।ইয়াৰ সমান্তৰালকৈ এজন স্থায়ী ফাৰ্মাচিষ্ট বিনামূলীয়া ঔষধ মেডিকেলৰ পৰা লৈ গৈ আটক হৈছিল।













