![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় মন্ত্ৰীসভাত পুনৰ কৰোনা আক্ৰমণ। এইবাৰ সংক্রমিত হৈছে দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং। মৃদু উপসর্গ আছে তেওঁৰ। বৰ্তমান কোৱাৰেন্টাইনত আছে। সোমবাৰে বিয়লি নিজেই টুইট কৰি সেই খবৰ জনাইছে।
টুইটাৰত ৰাজনাথ সিঙে লিখিছে, ‘কৰোনা আক্রান্ত। মৃদু উপসর্গ আছে। হোম কোৱাৰেন্টাইনত আছো। সম্প্রতি যিসকল মোৰ সংস্পর্শলৈ আহিছে তেওঁলোক আইছ’লেচনত থাকক। কোভিড পৰীক্ষাও কৰাই লওক।’ কৰোনাৰ প্রথম আৰু দ্বিতীয় ঢৌত নিজকে সুৰক্ষিত কৰি ৰাখিছিল ৰাজনাথ সিঙে। ভেকচিনৰ দুটি পালিও লৈছিল। কিন্তু তৃতীয় ঢৌত কৰোনা আক্রান্ত হ’ল ৰাজনাথ সিং।













