![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা৷ যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৮৯৬৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২১৯৮গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭৬০জন কামৰূপ মেট্ৰ’ৰ, ১৪২জন ডিব্ৰুগড়ৰ, ১৩৯জন কাছাৰৰ আৰু ১১৫জন তিনিচুকীয়াৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.৪৯ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ২জন ব্যক্তিৰ৷ উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪১৬জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৭১ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৮৬৭জন ৰোগী।













