![]()
মনোৰঞ্জনঃ
বলীউডৰ ফিট অভিনেত্ৰী সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী দিশা পাটানী। তেওঁ কেতিয়াবা ইয়াৰ বাবে ট্ৰোল হৈছে যদিও কেতিয়াবা আকৌ তেওঁৰ ফিগাৰৰ বাবে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণ জনক।এইবাৰ আকৌ অভিনেত্ৰী গৰাকীৰ এখন ফটোৱে লাভ কৰিছে বহুল চৰ্চা। বিকিনি পিন্ধি থকা অৱস্থাত দেখিবলৈ পোৱা যায় অভিনেত্ৰী গৰাকীক।
এই ফটোখনত কেৱল মাত্ৰ অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে নহয়, তেওঁৰ চৰ্চিত বয়ফ্ৰেণ্ড টাইগাৰ শ্ৰফেও কমেণ্ট কৰা দেখিবলৈ পোৱা যায়।
বলীউডৰ জনপ্ৰিয় তথা ফিট অভিনেত্ৰীৰ তালিকাত শীৰ্ষ স্থানত থকা এইগৰাকী অভিনেত্ৰীয়ে এম এছ ধোনী ছবিখনৰ সফলতাৰ পিছৰে পৰা আৰু তেওঁ নিজ কেৰিয়াৰত পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁৰ কৰ্মৰাজিৰ লিষ্টখন অতিপাত দীঘলীয়া নহ’লেও তেওঁ কৰি অহা প্ৰকল্প বোৰে প্ৰতিদিনে সমাদৰ বুটলিবলৈ সক্ষম হৈ আহিছে। আৰু, সেইবাবে হয়টো অভিনেত্ৰী গৰাকীৰ অনুৰাগী শাৰীখন দীঘলীয়া।













