![]()
নিউজ ডেস্কঃ
সোণ সৰবৰাহৰ অভিযোগত শ্বাৰজাহৰ পৰা অহা এক বিমানযাত্রীক গ্রেপ্তাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে। যাত্রীজনৰ পৰা প্রায় এক কেজি সোণ উদ্ধাৰ কৰিছে হায়দৰাবাদৰ শুল্ক বিভাগে। যাৰ মূল্য প্রায় ৪৭ লক্ষ টকা।
বিমানবন্দৰ সূত্র মতে, যোৱা ৯ জানুৱাৰীত হায়দৰাবাদ বিমানবন্দৰত নামে ব্যক্তিজন। হায়দৰাবাদৰ শুল্ক বিভাগে জনোৱা মতে, তেওঁৰ দুই ভৰিত বেণ্ডেজৰ ভিতৰত মলমৰ আকাৰত লুকুৱাই আনিছিল ৯৭০ গ্রাম সোণ। যাৰ বজাৰ মূল্য ৪৭ লক্ষ ৫৫ হাজাৰ টকা। বেণ্ডেজ কাটি সোণ উদ্ধাৰৰ দৃশ্যৰ এটি ভিডিও হায়দৰাবাদৰ শুল্ক বিভাগে টুইটাৰত প্রকাশ কৰিছে।













