![]()
নিউজ ডেস্কঃ
জীৱন নহ’লে মৃত্যু, তাৰ মাজত একো নাই। তেনে এক সিদ্ধান্তই ল’বলগা হৈছিল ৫৭ বছৰীয়া ডেভিড বেনেটক। চিকিৎসকে জনাইছিল, বিকল্প পথ আন একো নাই। সেয়ে নিজৰ শৰীৰত জিন পৰিবর্তিত গাহৰিৰ হৃৎপিণ্ড সংস্থাপনৰ অনুমতি দিছিল তেওঁ। সেই ডেভিডেই হ’ল বিশ্বৰ প্রথম ব্যক্তি, যাৰ শৰীৰত সফলভাবে জিন পৰিবৰ্তিত গাহৰিৰ হৃৎপিণ্ড প্রতিস্থাপন সম্ভৱ হ’ল।
আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকসকলে তেওঁৰ শৰীৰত সফলভাবে জিন পৰিবর্তিত গাহৰিৰ হৃৎপিণ্ড প্রতিস্থাপনৰ কামটো কৰে। প্রায় সাত ঘণ্টা ধৰি চলে অস্ত্রোপচাৰ। অস্ত্রোপচাৰৰ পিছত তিনি দিন পাৰ হৈ গৈছে। সুস্থ হৈ আছে বেনেট, কথাও কৈছে। তেওঁ কয়, ‘‘মই জানো, এইটো অন্ধকাৰত বাট বুলা। তথাপি মোৰ জীৱনত এইটোৱেই শেষ সুযোগ।’’













