প
নিউজ ডেস্কঃ
সোমবাৰৰ তুলনাত মঙ্গলবাৰে কৰোনাৰ দৈনিক সংক্রমণ কিছু কম হ’লেও, পৰিসংখ্যা স্বস্তিদায়ক নহয়। শঙ্কা বঢ়াইছে দেশৰ ঊর্ধ্বমুখী সক্রিয় ৰোগীৰ সংখ্যাইও।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা মতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত ১ লক্ষ ৬৮ হাজাৰ ৬৩ জন। এটা দিনত দেশত সংক্রমণৰ হাৰ কমিল চাৰে ৬ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত কৰোনাত প্রাণ হেৰুৱাইছে ২৭৭ জনে। এটা দিনৰ ভিতৰত ওমিক্রন আক্রান্তৰ সংখ্যা বাঢ়িছে ৪ হাজাৰ ৪৬১। বর্তমান দেশৰ পজিটিভিটি ৰেট ১০.৬৪ শতাংশ। এই মুহূর্তত কোভিডত দেশত চিকিৎসাধীন ৮ লক্ষ ২১ হাজাৰ ৪৪৬ জন।
সমগ্ৰ দেশৰ ভিতৰত ৫ ৰাজ্যৰ কৰোনা পৰিস্থিতিয়ে উদ্বেগ বঢ়াইছে চিকিৎসকসকলৰ। মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্ত হৈছে ৩৩ হাজাৰৰো অধিক। পশ্চিমবঙ্গত আক্রান্ত ১৯ হাজাৰৰো বেছি। দিল্লীতো ১৯ হাজাৰৰ সীমা চেৰাইছে। তামিলনাডুত প্রায় ১৪ হাজাৰ আৰু কর্নাটকত চাৰে ১১ হাজাৰ কৰোনাত আক্রান্ত।













