![]()
নিউজ ডেস্কঃ
হোটেল, ৰেস্তোৰাঁ, বাৰত বহি ভোজন বন্ধ কৰাৰ পিছত এইবাৰ ৰাজধানীত বন্ধ কৰি দিয়া হ’ল সকলো ব্যক্তিগত কাৰ্যালয়। কর্মচাৰীসকলে ঘৰত বহিয়েই কৰিব লাগিব অফিচৰ কাম। সেইমর্মে জাৰি কৰা হৈছে নতুন নির্দেশনা। অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰী সেৱা প্রদানকাৰী সংস্থাক৷ এই নিৰ্দেশনা দিল্লী ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটি চমুকৈ ডিডিএমএৰ।
উল্লেখ্য, ওমিক্রন-সংক্রমণ ৰোধৰৰ বাবে সোমবাৰেই বন্ধ কৰি দিয়া হৈছিল দিল্লীৰ ৰেস্তোৰাঁ, হোটেলত বহি খোৱাটো। ইমান দিনে ৫০ শতাংশ উপস্থিতিৰে চলি থকা চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ নিয়মত সলনি ঘটালে ডিডিএমএই। নতুন নির্দেশনাত সকলো বেচৰকাৰী অফিচ বন্ধ কৰি দিয়া হৈছে। এই অফিচবোৰৰ ১০০ শতাংশ কর্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব।
উল্লেখ্য, ৰাজধানী দিল্লীত সোমবাৰে ১৯ হাজাৰোধিক নতুন কৰোনা আক্রান্তৰ সন্ধান পোৱা গৈছে। সোমবাৰে ৰাজধানীত সংক্রমণৰ হাৰ আছিল ২৫ শতাংশ। যিটো যোৱা ৫ মে’ৰ পিছত সর্বোচ্চ। বিগত ২৪ ঘণ্টাত দিল্লীত ১৭ জন কৰোনা ৰোগীৰ মৃত্যু হৈছে।













