![]()
নিউজ ডেস্কঃ
ঘটনাটি আমেৰিকাৰ জর্জিয়াৰ। ‘মিৰৰ’ত প্রকাশিত প্রতিবেদন অনুযায়ী, এন্ড্রিয়াজ ফ্লেটেন নামৰ এজন মেকানিকৰ তেওঁৰ কোম্পানীটোৰ মালিকৰ সৈতে সম্পর্ক ইমানেই তিক্ত পর্যায়লৈ গৈছিল যে এন্ড্রিয়াজে কাম এৰি দিয়াৰ সিদ্ধান্ত লয়। ফলত মালিকক তেওঁৰ দৰমহা সম্পূৰ্ণ আদায় দিবলৈ কয়। মালিকো ৰাজী হৈ যায়।

কিন্তু এন্ড্রিয়াজক হাৰাশাস্তি কৰাৰ বাবে ৯১৫ মার্কিন ডলাৰ, ভাৰতীয় মুদ্রাত ৬৭ হাজাৰ টকাৰ সম্পূৰ্ণখিনিয়ে খুচুৰা পইচাত দিয়ে। যাৰ ওজন ২৭৭ কেজি। বস্তায় ভৰাই সেই টকা দিয়া হয় এন্ড্রিয়াজক। সেই ধন গণিবলৈ তেওঁৰ সাত ঘণ্টা সময় লগা বুলি বলে অভিযোগ তুলিছে এন্ড্রিয়াজে। কেৱল সেয়াই নহয়, তেওঁৰ দৰমহাৰ সম্পূৰ্ণ টকাখিনিও নিদিয়ে মালিকে।
বিষয়টো নেটমাধ্যমত শ্বেয়াৰ কৰে এন্ড্রিয়াজে। লগে লগে সেয়া ভাইৰেল হয়। আনকি আমেৰিকাৰ শ্রম বিভাগো পায়গৈ বিষয়টি। শ্রম বিভাগে বিষয়টি লৈ আদালতলৈ যায়। ইয়াৰ পিছতেই মাইলছ ৱাকাৰ নামৰ মালিকজনৰ বিৰুদ্ধে প্রশাসনক পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়া হয়। তেওঁৰ বিৰুদ্ধে কর্মচাৰীক অত্যাচাৰ, শ্রম আইন ভঙ্গসহ একাধিক গোচৰ ৰুজু কৰা হৈছে।













