![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
লাহৰীঘাট থানাৰ অন্তৰ্গত বৰছলা গাওঁ আৰু নগাঁৱৰ কচুৱাৰ ১১ জনকৈ শ্ৰমিকক অন্ধ্ৰপ্ৰদেশৰ পৰা কৃষ্ণা নদীৰ এটা দ্বীপৰ পৰা উদ্ধাৰ কৰা হৈছে। কেৰেলাৰ পৰা চেন্নাইলৈ যোৱা শ্ৰমিক কেইজনক কোনো দুষ্ট চক্ৰই বিক্ৰী কৰা পাছত কুনাল জিলাৰ মুচামাৰী থানাৰ অন্তৰ্গত মুৰাকাণ্ড দ্বীপত আৱদ্ধ কৰি মাছ ধৰা কামত নিয়োজিত কৰিছিল।
ৱাহেদ আলী, মতিবুৰ ৰহমান, বাকিৰ হুছেইন, আজিম উদ্দিন, আকবৰ আলী, মতিবুৰ ৰহমান, দিলদাৰ হুছেইন, মেহেবুব হুছেইন, ছাদিকুৰ ৰহমান, ৰাজিবুল ইছলাম আৰু ইনামূল হুছেইন নামৰ শ্ৰমিক কেইজনৰ মাজৰ বাকিৰে নিজৰ লগত গোপনে ৰখা মোবাইলেৰে পৰিয়ালৰ সৈতে সম্পৰ্ক কৰে।
শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে আফতাপ হুছেইন নামৰ এজন স্থানীয় যুৱকৰে যোগাযোগ কৰি তেওঁৰ জৰিয়তে মৰিগাওঁ জিলাৰ S.P অৰ্পনা নটৰাজন আৰু DSPৰ লগত যোগাযোগ কৰি আফটাপসহ তিনি স্থানীয় যুৱক ৰাওনা হয় অন্ধ্ৰলৈ। অন্ধ্ৰপ্ৰদেশ বিজয়াৱান্ডাত উপস্থিত হৈ তাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত আৰক্ষীয়ে গুৰুত্ব নিদিয়াত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগত ফোনত যোগাযোগ কৰে।
মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে বৰদলৈয়েও অন্ধ্ৰপ্ৰদেশৰ S.Pৰ লগত যোগাযোগ কৰে আৰু অন্ধ্ৰপ্ৰদেশৰ আমলাপুৰামৰ সমষ্টিৰ সাংসদ চিনেটা অনুৰাধাৰ মহানুভৱতাত শ্ৰমিক কেইজনৰ উদ্ধাৰ সম্ভৱ হৈ পৰে। শাসকীয় দলৰ সাংসদগৰাকীয়ে ঘটনাটোৰ বিষয়ে অৱগত হোৱা মাত্ৰকে আৰক্ষীৰ সহযোগত লোকেচনৰ ভিত্তিত কৃষ্ণা নদীৰ মুৰাভাকন্ড দ্বীপৰ পৰা আটাইকেইজন শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় শনিবাৰে আৰু সোমবাৰে আটাইকেইজন শ্ৰমিক নিজা ঘৰত উপস্থিত হয়হি।












