ডিজিটেল বাৰ্তা, গোলাঘাটঃ গোলাঘাট জিলাৰ উচ্চ শিক্ষাৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ ১০ জুলাইত প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ ৰেক্টৰ ড° তোলেন্দ্ৰনাথ হাজৰিকাই আৰু মহাবিদ্যালয়খনৰ ১৬ বছৰীয়া ইতিহাসৰ ওপৰত চমু আলোকপাত কৰে।

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা ‘ ভিবজিঅ’ৰ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে। পৰৱৰ্তী কাৰ্যসূচীত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়।সভাৰ পূৰ্বে ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰূপক গগৈ আৰু মহাবিদ্যালয়খনৰ সদ্য প্ৰয়াত কৰ্মচাৰী দীপক কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ৰেক্টৰ ড° তোলেন্দ্ৰনাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা।

লগতে আমন্ত্ৰিত অতিথিৰূপে গোলাঘাট নগৰৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকল, শিক্ষাবিদ ড° দেৱজিৎ দত্ত, বিশিষ্ট সাংবাদিক তথা প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী আদি। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে মহাবিদ্যালয় খনৰ নৱনিযুক্ত অধ্যক্ষ হেমন্ত কুমাৰ বৰাই। মুখ্য অতিথি ডাঃ অজিত বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি দিয়া ভাষণত মাতৃভাষাৰ আদৰ আৰু নৈতিকতা তথা মূল্যবোধৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। ইফালে বিশিষ্ট অতিথি তথা ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দেৱজিৎ দত্তই ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়।
সভাৰ কাৰ্যসূচী সঞ্চালনা কৰে প্ৰাক্তন অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে। উক্ত সভাতে গোলাঘাট নগৰৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত মহাবিদ্যালয়খনৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ মুঠ ২৬ গৰাকী ষ্টাৰ মাৰ্ক প্ৰাপক শিক্ষাৰ্থীৰ লগতে গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপক অনুৰাজ কাশ্যপ, ৰসায়ন বিজ্ঞান বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপক বিভূতি ভূষণ দত্ত আৰু অংকুৰণ শৰ্মা, জীৱ বিজ্ঞান বিষয়ত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপক মিগাম দলে আৰু কৃতীবাস বৰা, পদাৰ্থ বিজ্ঞান বিষয়ত অংকুৰণ শৰ্মা আৰু অৰ্থনীতিত আকাংক্ষা বৰাক তেওঁলোকৰ উন্নত ফলাফলৰ বাবে পুৰস্কৃত কৰা হয়।
অনুৰূপ ধৰণে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা কলা শাখাৰ অশ্লেষা দুৱৰা, বাণিজ্য শাখাৰ জ্ঞানদীপ দুৱৰা আৰু বিজ্ঞান শাখাৰ ৰীতিশা ডেকাক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি অসমৰ প্ৰাক্তন মন্ত্ৰী জীৱকান্ত গগৈৰ স্মৃতিত জীৱকান্ত গগৈ সোঁৱৰণী ন্যাসে প্ৰৱৰ্তন কৰা শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষৰ এই বঁটা লাভ কৰে কলা শাখাত নন্দিনী বৰা, বিজ্ঞান শাখাত অংকুৰণ শৰ্মা আৰু বাণিজ্য শাখাত মেঘা শৰ্মাই। বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে বাণিজ্য বিভাগৰ প্ৰৱক্তা অমিত নাগৰীয়ে।
সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যক্ষ হেমন্ত কুমাৰ বৰাই। ইয়াৰ পিছতে এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় য’ত ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ নবীন প্ৰবীণ শিক্ষাৰ্থী সকলৰ লগতে প্ৰবক্তা সকলেও নিজৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন কৰে। অনুষ্ঠানত অধ্যাপক ড° অমৰেন্দ্ৰ নাথ দত্ত, পদ্ম তামূলী, টংকেশ্বৰ পাঠক, অধ্যাপিকা বন্তি কলিতা, আনমনা গগৈ , শ্ৰীমা খাউণ্ড, উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা, প্ৰফুল্ল দত্ত, এছ এন ডেকা আদি উপস্থিত থাকে৷













