![]()
নিউজ ডেস্কঃ
হৰিদ্বাৰত ধর্ম সংসদৰ নামত ঘৃণামূলক ভাষণৰ ঘটনাত আৰু ৰাজধানী দিল্লীত সভা অনুষ্ঠিত কৰি ঘৃণামূলক ভাষণৰ ঘটনাত অৱশেষত জনস্বার্থ জড়িত গোচৰ ৰুজু হ’ল ছুপ্রিম কোর্টত। কংগ্রেছ নেতা তথা প্রবীণ অধিবক্তা কপিল ছিব্বলৰ জনস্বার্থ জড়িত গোচৰটি গ্রহণ কৰিবলৈ ৰাজী হৈছে ছুপ্রিম কোর্টৰ প্রধান ন্যায়াধীশ এন ভি ৰমন্নাৰ বিচাৰপীঠ। এই সন্দৰ্ভত ছিব্বলে কয়, ‘১৭-১৯ ডিচেম্বৰত হৰিদ্বাৰৰ ধর্ম সংসদত যি ঘটিছিল, তাৰ বিৰুদ্ধেই মই জনস্বার্থ গোচৰ ৰুজু কৰিছো।’ আনহাতে, একেদিনাই ছুপ্রিম কোর্টত পৃথক এক আবেদনত জামিয়া-ই-উলামায়ে-হিন্দ নামৰ সংগঠনটোৱে হৰিদ্বাৰ আৰু দিল্লীৰ কাষত হোৱা ধর্ম সংসদ আৰু মুছলিম-বিদ্বেষমূলক বক্তব্য ৰখাৰ ওপৰত নিষেধাজ্ঞা বিচাৰি আবেদন জনাইছে।













