![]()
নিউজ ডেস্কঃ
এটা সময়ত কালী পূজাত নৰবলি দিয়াৰ কথা শুনা যায়৷ কিন্তু সেই পাশৱিক প্রথা দেশলৈ পুনৰ উভতি আহিছে নেকি? তেলেংগানাত এটি দেৱীমূর্তিৰ ভৰিৰ সন্মুখত কটামুণ্ড পৰি থকা দেখিবলৈ পোৱা যায়। আৰক্ষীৰ অনুমান, অন্য ক’ৰবাত হত্যা কৰাৰ পিছত মূৰটো তালৈ অনা হৈছে। এতিয়াও শৰীৰৰ বাকী অংশ পোৱা যোৱা নাই। কটামুণ্ডটো কাৰ সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাটোত তীব্ৰ চাঞ্চল্য বিয়পি পৰিছে অঞ্চলটোত।













