![]()
মনোৰঞ্জনঃ
সমাগত মাঘ বিহু। এয়া ভোগৰ বতৰ। হেঁপাহৰ ভোগালীৰ বতৰত জ্বলিব মেজিৰ জুই। এই মাঘ বিহুৱে আনি দিয়ে শান্তি-সম্প্ৰীতি আৰু ঐতিহ্যৰ বতৰা। কাতি, কঙালীৰ পাছত সমৃদ্ধিৰ বতৰা লৈ আহে ভোগালীয়ে। এই ভোগালীৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনলৈও আহে বহু নতুন বিহু গীত। এই আদৰৰ বিহুটিক লৈ এতিয়া বিহুগীতৰ মুক্তিৰ বাবে ৰৈছে বহু অসমীয়া কণ্ঠশিল্পী।
কাইলৈ মুক্তি লাভ কৰিব অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ কণ্ঠৰে “টুলুং ভুটুং”। গীতটিৰ বিষয়ে সবিশেষ বৰ্তমানলৈ জনোৱা হোৱা নাই যদিও গীতটিৰ মুক্তিৰ আপডেট দিয়া দেখিবলৈ পোৱা গৈছে কণ্ঠশিল্পী গৰাকীয়ে।
মাকৰ সান্নিধ্যত সংগীত জগতত খোজ পেলোৱা এগৰাকী কন্ঠশিল্পী; তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা সকলোৰে পৰিচিত জনপ্ৰিয় কন্ঠশিল্পী হৈছে জুবলী বৰুৱা। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ গীতেৰে বহু শ্ৰোতাক মুগ্ধ কৰিছে এই গৰাকী কন্ঠশিল্পীয়ে।













