![]()
নলবাৰীৰ প্ৰতিবেদকঃ
নলবাৰী জিলাত অসমীয়া ভাষা–সাহিত্য ত্বৰান্বিত কৰাৰ হেতু প্ৰতিষ্ঠিত নলবাৰী জিলা সাহিত্য সভাই ১১ জানুৱাৰীত হিৰণ্যময় গৌৰৱ কীৰ্তনেৰে প্ৰতিষ্ঠাৰ ৩৫ সংখ্যক বৰ্ষৰ মাহেন্দ্ৰ ক্ষণত উপনীত হয় । সেয়ে আজি এই প্ৰতিষ্ঠা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ ৩৫ –খন পতাকা উত্তোলন কৰা হয় । অনুষ্ঠানৰ মূল পতাকাখন উত্তোলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা এই অনুষ্ঠানত মূল পতাকা উত্তোলনৰ লগে লগে সভাৰ আন ৩৪–খন পতাকা উত্তোলন কৰে ক্ৰমে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, প্ৰাক্তন সভাপতি গোলক পাঠক, ৰমানাথ বৰুৱা, প্ৰাক্তন সম্পাদক লক্ষী পাটোৱাৰী, দীপক কুমাৰ ডেকা, বিশিষ্ট ভাস্কৰ্যশিল্পী যোগেন্দ্ৰনাথ শীল, চিত্ৰশিল্পী অবিনাশ মজুমদাৰ, বিশিষ্ট পুথি প্ৰকাশক সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, সাহিত্যিক পেন্সন প্ৰাপক বিমলা দেৱী, সাহিত্যসেৱী বিপিন চন্দ্ৰ কলিতা, ডাঃ মকিবৰ ৰহমান, বীৰেন্দ্ৰনাথ শৰ্মা, গোকুল ডেকা, হৰিষচন্দ্ৰ বৈশ্য, ৰাজেন্দ্ৰনাথ শৰ্মা, খনীন্দ্ৰ চন্দ্ৰ নাথ, শুক্লেশ্বৰ মেধি, চাইফ উদ্দিন আহমেদ, ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্য, পৰেশ চন্দ্ৰ বৰ্মন, ভৱেশ চন্দ্ৰ শৰ্মা, খদেজা বেগম, মোহন কলিতা, ৰিয়াজ উদ্দিন আহমেদ, প্ৰিয়নাথ বৰ্মন, মইনুল হক চৌধুৰী, দিলীপ কুমাৰ পাঠক, ননীগোপাল গোস্বামী, মজিবৰ ৰহমান, তিলক বৈশ্য প্ৰমুখ্যে ৩৫ গৰাকী লোকে পতাকা উত্তোলন কৰে । ইয়াৰ পাছত স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই ।
নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ চোতালত স্থাপিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীৰ আবক্ষ মূৰ্তি আৰু শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা, শ্বাহ আলম আহমেদ আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা ডঃ উপমা বৰ্মন ডেকাই ।
ইয়াৰ পাছতে নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত মুকলি সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই অসম সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সাম্প্ৰতিক স্থিতিৰ বিষয়ে কয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত নৱীন নাট্যকাৰ আজিজুৰ ৰহমানৰ এখন নাট্য সংকলন ‘নাটঘৰ’ উন্মোচন কৰে জনপ্ৰিয় নাট্যকাৰ তিলক বৈশ্যই । অসম সংগীত পৰিৱেশনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰা হয় ।













