![]()
মনোৰঞ্জনঃ
২০১৫ চনত ছলমান খান অভিনীত ‘বজৰংগী ভাইজান’ ত মুন্নী বা শ্বাহিদৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী হৰ্ষালী মালহোত্ৰাই এই বছৰ সন্মানীয় ভাৰত ৰত্ন ড° আম্বেদকাৰ বঁটা লাভ কৰিছে। হৰ্ষালীয়ে আজি তাই নিজ ইনষ্টাগ্ৰাম একাউণ্টত অনুষ্ঠানটোৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত হৰ্ষালীয়ে লিখে যে, “শ্ৰী ভগত সিং কোশিয়াৰী (মহাৰাষ্ট্ৰৰ ৰাজ্যপাল)ৰ পৰা ভাৰত ৰত্ন ড° আম্বেদকাৰ বঁটা লাভ কৰি আনন্দিত হৈছোঁ।
https://www.instagram.com/harshali__malhotra_/p/CYjtoosKR5J/?utm_medium=copy_link
হৰ্ষালীয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁক ট্ৰফী ধৰি থকা দেখা গৈছিল। শিশু অভিনেত্ৰী গৰাকীয়ে লাভ কৰা এই ট্ৰফীটো ছলমান খান, কবীৰ খান আৰু মুকেশ ছাবৰাক উৎসৰ্গা কৰিছে।তেওঁ কেপচনত লিখে যে, “এই বঁটাটো ছলমান খান, কবীৰ খান আৰু মুকেশ ছাব্ৰা খুৰাই মোৰ ওপৰত কৰা বিশ্বাসৰ প্ৰতি লগতে গোটেই “বজৰংগী ভাইজান” ছবিখনৰ দলটোৰ বাবে।”
‘বজৰংগী ভাইজান’ ত হৰ্ষালীয়ে শ্বাহিদাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাক ‘মুন্নী’ বুলিও মতা হৈছিল। এগৰাকী পাকিস্থানী মুছলমান ছোৱালী। যিজনী ভাৰতত হেৰাই যায় আৰু এগৰাকী ভাৰতীয় পৱন কুমাৰ চতুৰ্বেদীৰ সহায়ত স্বদেশলৈ উভতি যায়।













