![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ পুনৰ ২ লাখৰ দুৱাৰদলিত। দৈনিক আক্রান্তৰ সংখ্যা ১০ হাজাৰৰ তলৰ পৰা এই পর্যায়ত উপনীত হৈছে মাত্ৰ দুসপ্তাহৰ ভিতৰত! বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১ লক্ষ ৯৪ হাজাৰ ৭২০ জন। মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৬০ লক্ষ অতিক্ৰম কৰিছে।
আনহাতে, বিগত ২৪ ঘণ্টাত ৪৪২ জনে প্রাণ হেৰুৱাইছে কৰোনা ভাইৰাছত। দেশৰ ৰাজ্যবোৰৰ ভিতৰত মৃত্যুৰ সংখ্যা অধিক কেৰালাত। ইয়াৰ উপৰি দেশত ওমিক্রনত আক্রান্তৰ সংখ্যা হৈছে ৪ হাজাৰ ৮৬৮। দেশত ওমিক্রনত আক্রান্তৰ সংখ্যা সৰ্বাধিক মহাৰাষ্ট্রত।
আনহাতে, দেশত সংক্রমণৰ হাৰ পুনৰ ১০ শতাংশ অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত সংক্রমণৰ হাৰ ১১.০৫ শতাংশ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, বিগত সপ্তাহজুৰি দেশৰ ২৯খন ৰাজ্যৰ প্ৰায় ১২০খন জিলাত সংক্রমণৰ হাৰ আছিল ১০ শতাংশৰো বেছি। দেশৰ ভিতৰত মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা সৰ্বাধিক। ইয়াৰ পিছত আছে দিল্লী আৰু পশ্চিমবঙ্গ।













