![]()
নিউজ ডেস্কঃ
আগন্তুক কেইসপ্তাহমানৰ ভিতৰতেই ইউৰোপৰ অর্ধেক জনসংখ্যা কৰোনাৰ নতুন ৰূপ ওমিক্রনত আক্রান্ত হ’ব। এই দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) ইউৰোপীয় পৰিচালক ডাঃ হান্স ক্লুগেৰ। তেওঁ কয়, ‘‘আগন্তুক ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত ইউৰোপৰ জনসংখ্যাৰ ৫০ শতাংশৰো অধিক ওমিক্রনত সংক্রামিত হ’ব।’’
ইউৰোপ আৰু মধ্য এছিয়াৰ দেশবোৰ তীব্র চাপৰ মাজত আছে, কাৰণ ভাইৰাছবিধ পশ্চিমী দেশবোৰৰ পৰা লাহে লাহে ইউৰোপৰ বলকান অঞ্চলত বিয়পি পৰা বুলিও তেওঁ কয়।
তেওঁ লগতে কয়, ‘‘ইউৰোপত কৰোনাৰ ডেল্টা প্ৰজাতিৰ সংক্রমণ শীর্ষত। একে সময়তে কৰোনাৰ নতুন ৰূপ ওমিক্রনৰ ঢৌ ইউৰোপৰ পূবৰ পৰা পশ্চিমত বিয়পি পৰিছে।’’













