![]()
নিউজ ডেস্কঃ
অসমৰ অলিম্পিক ইতিহাসত প্ৰথমটো পদক লাভ কৰা লাভলীনা বৰগোঁহাইক ডিএছপি পদত নিযুক্তি৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোঁহাইক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য, অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোঁহাই৷ ২০২১ৰ টকিঅ’ অলিম্পিকত বক্সাৰ লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি বুধবাৰে লাভলীনাক উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি-পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷

লাভলীনা বৰগোঁহাইক নিযুক্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু গৃহ বিভাগৰ প্ৰধান সচিব৷ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ অন্যান্য জ্যেষ্ঠ বিষয়া তথা বিশিষ্ট ক্ৰীড়া সংগঠকসকল।













