![]()
নিউজ ডেস্কঃ
কৰোনা আক্রান্ত লতা মঙ্গেশকাৰক এতিয়াই হস্পিটেলৰ পৰা ৰিলিজ নাপায়। মঙ্গলবাৰে মুম্বাইৰ ব্রিচ কেণ্ডি হস্পিটেলৰ আইচিইউতে ভর্তি কৰোৱা হয় তেওঁৰ। লতাৰ ভগ্নী ঊষা মঙ্গেশকাৰে জনোৱা মতে, ৯২ বছৰীয়া গায়িকাগৰাকীৰ বয়সৰ কথা ভাবিয়েই এই সিদ্ধান্ত লৈছে চিকিৎসকে। তেওঁলোকৰ মতে, আৰু কেইদিনমান হস্পিটেলত পর্যবেক্ষণত ৰখা উচিত বর্ষীয়ান সঙ্গীতশিল্পীগৰাকীক। সেয়ে এতিয়াই ঘৰলৈ উভতাৰ অনুমতি নাপায় কুকিল কণ্ঠী লতাই।
ঊষাই লগতে জনায় যে কোভিড পৰিস্থিতিৰ কাৰণে পৰিয়ালৰ কোনোৱে তেওঁক দেখা কৰিবলৈ যাব পৰা নাই। কিন্তু তেওঁলোকে খবৰ পাইছে যে গায়িকাগৰাকী বৰ্তামান সুস্থিৰ অৱস্থাতে আছে। চিকিৎসাতো সঁহাৰি কৰিছে তেওঁ।













