![]()
নিউজ ডেস্কঃ
বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে :
• বেচৰকাৰী খণ্ডত থলুৱা যুৱক-যুৱতীৰ নিযুক্তি পৰ্যবেক্ষণৰ বাবে Assam Youth Commissionৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লগতে বিদেশত থকা প্ৰবাসী অসমীয়াসকলৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰিব৷ মেডিকেল, ইঞ্জিনিয়াৰিঙত অধ্যয়নৰ বাবে প্ৰয়োজনীয় কোচিং আৰু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাতো সহায় কৰিব৷
• ২৪ জানুৱাৰীত আবেলি তিনি বজাত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ বঁটা৷
• কলেজসমূহত খালী হৈ থকা ৭৪৩টা সহকাৰী অধ্যাপকৰ পদ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত৷ ইয়াৰে ২০৩টা তৃতীয় বৰ্গ আৰু ৫২৪টা চৰ্তুথ বৰ্গৰ পদ৷ মে’ৰ ভিতৰতে শিক্ষা বিভাগে সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া৷
• এইবাৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনতো বেলট পেপাৰৰ সলনি ব্যৱহাৰ কৰা হ’ব ইভিএম মেচিন।
• পাঁচখন নতুন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত কেবিনেটৰ৷
• অসম চৰকাৰে গ্ৰহণ কৰা কৃষকৰ ধান ক্ৰয় প্ৰক্ৰিয়া সুপৰিকল্পিতভাৱে কৰাৰ পৰিকল্পনা৷ কৃষকে ধান কেনেদৰে বিক্ৰী কৰিব তাৰ সজাগতাৰ বাবে ১৬ জানুৱাৰীৰ পৰা আয়োজন কৰা হ’ব গাঁওসভা।
• দহ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত কেবিনেটৰ৷ কৃষকে ধান বিক্ৰী কৰিবলৈ ল’ব লাগিব ৰাজহ বিভাগৰ প্ৰমাণ-পত্ৰ৷ গাঁওবুঢ়াই দিব প্ৰমাণ-পত্ৰ৷ তিনি প্ৰকাৰৰ প্ৰমাণ-পত্ৰ সহজলভ্য কৰা হ’ব ৷













