![]()
নিউজ ডেস্কঃ
চলিত বছৰত ভাৰতৰ স্বাধীনতালাভৰ ৭৫ সংখ্যক বর্ষপূর্তি৷ সেয়েহে উক্ত বৰ্ষপূৰ্তিক স্মৰণীয় কৰি ৰাখিবৰ বাবে একেলগে ৭৫টা উপগ্রহ উৎক্ষেপণ কৰা হ’ব পৃথিৱীৰ কক্ষপথলৈ। দেশৰ ইণ্টাৰনেট ব্যৱস্থাক অধিক দ্রুতগতি প্ৰদান আৰু দক্ষ কৰাৰ লগতে দুৰ্গম অঞ্চলবোৰতো ইণ্টাৰনেটৰ নিৰৱচ্ছিন্ন সুবিধা প্ৰদানেই হৈছে ইয়াৰ লক্ষ্য। বুধবাৰে এই কথা প্ৰকাশ কৰিছে ইছৰোই।
অভিযানটোৰ নাম দিয়া হৈছে, ‘ইউনিটিছেট’। উল্লেখ্য, এই ৭৫টা কৃত্রিম উপগ্রহই নিৰ্মাণ হৈছে ভাৰতত আৰু ইয়াৰ সকলো সৰঞ্জাম ভাৰতীয়। আনহাতে, উপগ্রহকেইটা নিৰ্মাণত জড়িত আছে প্ৰায় এক হাজাৰ ভাৰতীয় ছাত্র-ছাত্রী। তেওঁলোক চণ্ডীগড় বিশ্ববিদ্যালয়, কানপুৰ আইআইটি, আইআইটি ব’ম্বেসহ দেশৰ ১২খন শিক্ষা প্রতিষ্ঠানৰ৷ তাৰ মাজত স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছে।
অভিযানটোত যৌথভাবে অংশ লৈছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ আৰু ‘ইণ্ডিয়ান টেকন’লজী কংগ্রেছ এছোচিয়েচন চমুকৈ আইটিচিএ।
ইছৰো সূত্রই জনোৱা মতে, চলিত বছৰৰ জুলাইৰ শেষৰ ফালে বা আগষ্টৰ আৰম্ভণিতে উপগ্রহকেইটাক একেলগে পৃথিৱীৰ কক্ষপথলৈ উৎক্ষেপণৰ কথা চিন্তা কৰা হৈছে।













