![]()
নিউজ ডেস্কঃ
হৰিদ্বাৰৰ ধর্ম সংসদৰ নামত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উঠিছিল৷ ঘটনাটোত ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি জনস্বার্থ গোচৰ ৰুজু হৈছিল৷ উক্ত গোচৰতে উত্তৰাখণ্ড চৰকাৰলৈ জাননী প্ৰেৰণ কৰিলে ছুপ্রিম কোৰ্টে। বুধবাৰে শীর্ষ আদালতৰ প্রধান ন্যায়াধীশ এন ভি ৰমন্না, ন্যায়াধীশ সূর্য কান্ত আৰু হিমা কোহলিৰ বিচাৰপীঠত গোচৰটোৰ শুনানি হয়।
শুনানিত গোচৰীয়াৰ তৰফৰ পৰা দাবী কৰা হয় যে পূৰ্বৰ ৰায়ত নোডেল বিষয়া নিয়োগ কৰাৰ কথা কোৱা হৈছিল যদিও উত্তৰাখণ্ড চৰকাৰে তাক পূৰণ কৰা নাই। ইয়াৰ মানে হৈছে আদালতৰ ৰায়ক উপেক্ষা কৰিছে উত্তৰাখণ্ড চৰকাৰে। তাৰ পৰিপ্ৰেক্ষিততেই উত্তৰাখণ্ড চৰকাৰলৈ জাননী প্ৰেৰণ কৰে ছুপ্রিম কোৰ্টে।
উল্লেখ্য, হৰিদ্বাৰৰ ধর্ম সংসদৰ নামত ঘৃণামূলক ভাষণ আৰু গণহত্যাৰ আহ্বান দিয়াৰ অভিযোগত গোচৰ ৰুজু হৈছিল। এই প্ৰসংগত শীর্ষ আদালতৰ ৭৬ জন অধিবক্তাই স্বতঃপ্রণোদিত গোচৰ ৰুজুৰ বাবে প্রধান ন্যায়াধীশলৈ পত্ৰ লিখিছিল। তাত কোৱা হৈছিল যে এটি বিশেষ সম্প্রদায়ৰ প্রতি কেইবাদিন ধৰি ঘৃণা বিয়পোৱা আৰু উচটনিমূলক মন্তব্য কৰা হৈছে। ইয়াৰ ফলত যিকোনো সময়তে সংঘৰ্ষৰ আশঙ্কা আছে। তাৰ পিছতেই এটি জনস্বার্থ গোচৰ ৰুজু হয় শীর্ষ আদালত। তাৰ পৰিপ্রেক্ষিততেই বুধবাৰে এই জাননী।













