![]()
নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত হস্পিটেলত ভর্তি ৰোগীসকলক অক্সিজেন সৰবৰাহ কৰাত নাজল-নাথল অৱস্থা হৈছিল দেশৰ বহুকেইখন ৰাজ্যৰ। সাম্প্রতিক কোভিড সংক্রমণৰ তুলনাত হস্পিটেলত ভর্তি হোৱাৰ অনুপাত কিছু কম। কিন্তু এই পৰিসংখ্যা বাঢ়িব পাৰে বুলি অনুমান কৰিয়েই ৰাজ্যবোৰক এতিয়াৰ পৰাই প্রস্তুত থাকিবলৈ ক’লে কেন্দ্রই।
বুধবাৰে ৰাজ্য চৰকাৰসমূহলৈ লিখা লেখা এক পত্ৰত কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে জনাইছে, চৰকাৰে যেন এতিয়াৰ পৰাই মেডিকেলসমূহত অক্সিজেন মজুত কৰাৰ ক্ষেত্ৰত তৎপৰ হয়। দুই পৃষ্ঠাৰ পত্ৰখনত ৰাজ্য চৰকাৰক ১১টা বিষয়ত সতর্ক কৰি দিছে ৰাজ্যবোৰক।
১) যিবোৰ চিকিৎসা কেন্দ্রত ৰোগীক ভর্তি কৰি চিকিৎসা কৰোৱাৰ ব্যৱস্থা আছে, তাত পর্যাপ্ত পৰিমাণে অতিৰিক্ত মেডিকেল অক্সিজেন মজুত ৰখা।
২) লিকুইড মেডিকেল অক্সিজেনৰ টেঙ্ক পূর্ণ ৰখা, যাতে প্রয়োজনত অক্সিজেন সৰবৰাহত সমস্যা নহয়।
৩) অক্সিজেন প্লেন্টবোৰ যাতে চলি থাকে তাৰ ব্যৱস্থা কৰা।
৪) পর্যাপ্ত পৰিমাণে অক্সিজেন চিলিণ্ডাৰ মজুত ৰখা। আৰু খালী অক্সিজেন চিলিণ্ডাৰত দ্রুততাৰে অক্সিজেন ভৰোৱাৰ ব্যৱস্থা ৰখা।
৫) সকলো জিলা প্রশাসনক নির্দেশ দিয়া হৈছে যে তেওঁলোকলৈ যি অক্সিজেন কনচেনট্রেটৰ পঠোৱা হৈছে, সেইবোৰে কাম কৰিছেনে নাই পৰীক্ষা কৰা।
৬) ভেন্টিলেটৰ্ছ, বাইপেপ, এছপিওটু ছিষ্টেমৰ দৰে জীৱনদায়ীনী মেডিকেল যন্ত্রপাতি যাতে প্ৰয়োজনত সহজে পোৱা যায় তাৰ ব্যৱস্থা ৰখা।
৭) অক্সিজেন চিলিণ্ডাৰ স্বাস্থ্যকেন্দ্র পোৱাৰ পিছত সেইবোৰক বীজাণুমুক্ত কৰাৰ ব্যৱস্থা।
৮) অক্সিজেন সৰবৰাহৰ সৈতে জড়িতসকলৰ প্রশিক্ষণৰ ব্যৱস্থা কৰা। ৰাজ্য চৰকাৰবোৰে যেন প্রশিক্ষিত কর্মচাৰীকহে এই ক্ষেত্রত নিয়োগ কৰে।
৯) বেচৰকাৰী চিকিৎসা সেৱাবোৰৰ অক্সিজেনৰ যোগান ধৰাৰ ক্ষমতা সম্পর্কে জ্ঞাত হৈ থকা৷
১০) অক্সিজেন কন্ট্রোল ৰুম নিৰ্মাণ কৰা কৰা যাতে যিকোনো অক্সিজেন সংক্রান্তীয় সমস্যা দ্রুততাৰে সমাধান কৰিব পৰা যায়।
১১) যিবোৰ চিকিৎসা কেন্দ্রত অক্সিজেন সেৱা পোৱা যাব সেইবোৰৰ নাম ওডিএছ ডিজিটেল প্লেটফর্মত নথিভুক্ত কৰা।













