![]()
মনোৰঞ্জনঃ
পুহ-মাঘৰ সংক্ৰান্তিত অসমীয়াই উদযাপন কৰা হেপাঁহৰ মাঘৰ বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকগৰাকী ব্যক্তি প্ৰস্তুত হৈ পৰিছে মাঘ বিহুক লৈ, মেজিৰ পৰা আৰম্ভ কৰি পিঠা-পনা বনোৱা ইত্যাদি বিভিন্ন ধৰণে ভোগালীৰ ভোগৰ বাবে ব্যস্ত হৈছে সকলো। শেহতীয়াকৈ ইনষ্টাগ্ৰামত অভিনেত্ৰী আইমী বৰুৱাই এটি পোষ্ট শ্বেয়াৰ কৰে, য’ত তেওঁক নিজ কন্যাৰ সৈতে মাঘ বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়।
ছ’চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা এই অভিনেত্ৰী গৰাকীয়ে নিজ সন্তানক চহা অসমীয়াৰ কৃষ্টি-সংস্কৃতি, আচাৰ, ৰীতি-নীতি আদিৰ বিষয়ে জ্ঞান দিয়া দেখিবলৈ পোৱা যায়। আনহাতে, মহিলা পৰিচালক হিচাবে নতুনকৈ খ্যাতি লাভ কৰা অভিনেত্ৰী আইমী বৰুৱাই নিজেই পৰিচালনা কৰা ছবি “ছেমখৰ” ৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।













