![]()
মনোৰঞ্জনঃ
কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ অৱস্থাত আছে। গায়িকা গৰাকীৰ ভতিজাকে লতা মংগেশকাৰৰ স্বাস্থ্যৰ বিষয়ে ছ’চিয়েল মিডিয়া যোগে আপডেট দিছে। “স্বৰ কোকিলা” নামেৰে জনাজাত ৯২ বছৰীয়া প্ৰবীণ গায়কগৰাকীক দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ মৃদু ক’ৰোনা লক্ষণ দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান তেওঁ সুস্থিৰ অৱস্থাত আছে।
নিউজ ১৮লৈ দিয়া এক বিবৃতিত ভতিজী ৰচনা শ্বাহে কয় যে, “ভাৰত ৰত্ন বঁটা প্ৰাপ্ত গায়িকা গৰাকী বৰ্তমান সুস্থ হৈ আছে। কিন্তু, পৰিয়ালৰ সদস্যসকলক তেওঁক লগ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।”
মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন ডাঃ প্ৰতিৎসামধনীয়ে কয়, “গায়িকা লতা মংগেশকাৰ এতিয়াও আইচিইউ ৱাৰ্ডত আছে। তেওঁ আৰু আগন্তুক ১০-১২ দিনৰ বাবে পৰ্যবেক্ষণত থাকিব। ক’ভিডৰ সৈতে, তেওঁ নিমুনিয়াতো ভুগি আছে।”
স্বৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ স্বাস্থ্য নিৰন্তৰভাৱে উন্নত হৈ আছে। অৱশ্যে, তেওঁ এতিয়াও আইচিইউত আছে। পৰিয়ালৰ সদস্যসকলৰ লগতে বলীউডকে ধৰি বহুতো ডাঙৰ ৰাজনৈতিক নেতাই গায়িকা গৰাকীৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছিল।













