![]()
নিউজ ডেস্কঃ
কেইসপ্তাহমান পিছতেই বেইজিঙত শীতকালীন অলিম্পিক। তাৰ মাজতে চীনৰ বহু কেইখন চহৰত বৰ্ধিত কৰোনা সংক্রমণ মূৰৰ বিষৰ কাৰণ হৈ উঠিছে চীন চৰকাৰৰ। সংক্রমণক লেকাম লগাবলৈ নিভৃতবাস, বিচ্ছিন্নবাস, লকডাউন সকলো পন্থাই লোৱা হৈছে। তাতো সংক্রমণ আয়ত্তলৈ নহাত নতুন পথ বাছি লৈছে চীনে। কোভিড সংক্রমিত ব্যক্তিসকলক ধাতৱ বাকচত বন্দী কৰি ৰখা আৰম্ভ কৰিছে চি জিনপিং চৰকাৰে। নেটমাধ্যমত ইতিমধ্যেই ভাইৰেল সেই ভিডিও।
কোভিড সংক্রমণ ৰুধিবলৈ নীতিত বহু পৰিবর্তন আনিছে চীন চৰকাৰে। এই ধাতৱ বাকচত নিভৃতবাস সেই পৰিবর্তনত নতুন সংযোজন। ভাইৰেল হোৱা ভিডিওটিত দেখা গৈছে, কোভিড সংক্রমিত ব্যক্তিসকল বা তেওঁলোকৰ সংস্পর্শলৈ অহাসকলক ধাতৱ বাকচৰ দৰে ঘৰত সুমুৱাই ৰখা হৈছে।













