![]()
নিউজ ডেস্কঃ
অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৪০০ কেজি ওজনৰ তলা বনাই চমক দিলে উত্তৰ প্রদেশৰ আলিগড় জিলাৰ বাসিন্দা সত্যপ্রকাশ শর্মাই।
তলাটি খোলাৰ বাবে যিপাত চাবি, তাৰ ওজনো কম নহয়! ৩০ কেজি। দশ ফুটৰ এই তলা নিৰ্মাণ কৰিবলৈ সময় লাগিছে ছয়মাহ। কেৱল সেয়াই নহয়, ২ লক্ষ টকা খৰচ কৰি এই তলা বনাইছে সত্যপ্রকাশ নামৰ ব্যক্তিজনে। তেওঁ জনায় যে, ৰাম মন্দিৰ নির্মাণৰ পিছত কর্তৃপক্ষৰ হাতত তলাটি তুলি দিব তেওঁ।
সত্যপ্রকাশ নিজে এজন তলা ব্যৱসায়ী। তলাও বনায় তেওঁ। তেওঁ কয়, “তলাৰ বাবে বিখ্যাত আলিগড়। এশ বছৰৰো অধিক সময় ধৰি ইয়াত তলা বনোৱাৰ কাম চলি আছে।” এই তলাটোৰ সম্পূৰ্ণ কাম শেষ কৰিবলৈ আৰু টকাৰ প্রয়োজন আছে বুলিও জনাইছে তেওঁ। সেয়ে ইয়াৰ বাবে মানুহৰ পৰা সাহায্যও বিচাৰিছে।













