![]()
নিউজ ডেস্কঃ
আঢ়ৈ লাখৰ ওচৰ চাপিল দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ২ লক্ষ ৪৭ হাজাৰ ৪১৭ জন। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত প্রাণ হেৰুৱাইছে ৩৮০ জনে। ইয়াৰ ফলত মুঠ মৃত্যু হ’লগৈ ৪ লক্ষ ৮৫ হাজাৰ। দৈনিক সংক্রমণ হাৰ হৈছে ১৩.১১ শতাংশ। ইফালে দেশত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা হৈছে ৫৪৮৮ জন।
বিগত ২৪ ঘণ্টাত দেশৰ ভিতৰত সৰ্বাধিক আক্রান্ত হৈছে মহাৰাষ্ট্রত, ৪৬ হাজাৰ ৭২৩ জন। দ্বিতীয় স্থানত থকা দিল্লীত চাৰে ২৭ হাজাৰ অতিক্রম কৰিছে। পশ্চিমবঙ্গত আক্রান্ত ২২ হাজাৰ ১৫৫ জন, কর্নাটকত ২১,৩৯০ আৰু তামিলনাডুত ১৭,৯৩৪।













