![]()
নিউজ ডেস্কঃ
ভয়াবহ ৰে’ল দুর্ঘটনা পশ্চিমবঙ্গৰ ময়নাগুড়িত। লাইনচ্যুত হয় বিকানেৰ-গুৱাহাটী এক্সপ্রেছ। দুৰ্ঘটনাটোত বহু যাত্রীৰ মৃত্যুৰ আশংকা কৰা হৈছে। বৃহস্পতিবাৰে দোমোহনি এলেকাত উক্ত ওই দুর্ঘটনাটো ঘটে। এক্সপ্রেছখনৰ কেইবাটাও দবা লাইনচ্যুত হয়।

বৃহস্পতিবাৰে বিয়লি পাঁচটা বজাত এই দুর্ঘটনা ঘটে। ৫০ জন যাত্রীৰ মৃত্যুৰ আশঙ্কা কৰা হৈছে। পটনাৰ পৰা গুৱাহাটীগামী আছিল ৰে’লখন। দুর্ঘটনাৰ খবৰ লাভ কৰি আলিপুৰদুৱাৰৰ পৰা ঘটনাস্থলীত উপস্থিত হয় এটি উদ্ধাৰকাৰী দল। উদ্ধাৰ কাৰ্য চলি আছে।













