![]()
নিউজ ডেস্কঃ
ফিৰোজপুৰলৈ যোৱাৰ পথত প্রায় ২০ মিনিট আবদ্ধ হৈ আছিল প্রধানমন্ত্রীৰ কনভয়। গোচৰ উঠে ছুপ্রিম কোর্টত। শীর্ষ আদালতে নিৰপেক্ষ তদন্তৰ বাবে কমিটি গঠন কৰিছে। বিজেপিয়ে বাৰম্বাৰ আঙুলি তুলিছে পঞ্জাবৰ চান্নি চৰকাৰৰ ফালে। এইবাৰ উক্ত ঘটনাত পোনপটীয়াকৈ পঞ্জাব চৰকাৰৰ দিশে আঙুলি টোঁৱালে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰে। তেওঁ কয়, পঞ্জাব চৰকাৰেই কৃষকসকলক প্রধানমন্ত্রীৰ কনভয় অৱৰোধ কৰিবলৈ কৈছিল। এটি টিভি চেনেলে এই সন্দৰ্ভত এটি ষ্টিং অপাৰেচন কৰিছে।
তাত দেখা গৈছে, পঞ্জাবৰ এখন থানাৰ এছএইচওই নিজৰ অজানিতেই কেমেৰাৰ সন্মুখত কৈছে যে তেওঁক বিক্ষোভকাৰী সকলেৰে পথ অৱৰোধৰ কথা কোৱা হৈছিল। কেইজনমান আৰক্ষী বিষয়াই আকৌ কৈছে, বিক্ষেভকাৰীসকলে যে প্রধানমন্ত্রীৰ পথ অৱৰোধ কৰিব, সেয়া আগতেই ঊর্ধ্বতন কর্তৃপক্ষক তেওঁলোকে জনাইছিল। কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।













