![]()
নিউজ ডেস্কঃ
অসুস্থ মাতৃৰ মৃত্যুত অৱসাদগ্রস্ত সন্তানসকল। সেই শোকতে এচিড মিহলোৱা খাদ্য খাই আত্মহত্যা কৰে দুই ভাতৃয়ে। অসুস্থ হৈ হস্পিটেলত ভর্তি ভগ্নীও। বৃহস্পতিবাৰে ঘটনাটি ঘটে পশ্চিম বংগৰ বর্ধমানৰ আছানছোলৰ বার্নপুৰ ষ্টেচন ৰোড এলেকাৰ ইছকোৰ ফ্লেটত।
বৃহস্পতিবাৰে দুপৰীয়া ইছকোৰ ফ্লেটৰ বাসিন্দা বৃদ্ধা গীতা কৰ (৮১), তেওঁৰ দুই পুত্ৰ জয়ন্ত (৫৯) আৰু বিপ্লব (৫২)-ৰ মৃতদেহ উদ্ধাৰ হয় তেওঁলোকৰ ঘৰত। জয়ন্ত আৰু বিপ্লবৰ ভগ্নী মায়া (৫৭)-ক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমান তেওঁ আছানছোল জিলা হস্পিটেলত ভর্তি হৈ আছে।
আৰক্ষীৰ অনুমান, গীতাৰ মৃত্যুত শোকস্তব্ধ হয় জয়ন্ত, বিপ্লব আৰু মায়া। বুধবাৰে নিশা তেওঁলোকে খাদ্যৰ সৈতে কার্বলিক এচিড মিহলি খাদ্য খোৱা বুলি ধাৰণা কৰা হৈছে। কাৰণ উক্ত ফ্লেটৰ পৰা কার্বলিক এচিড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।













