![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কোভিড সংক্রমণৰ হাৰ ৬.৭ শতাংশ। দেশত কৰোনাত আক্রান্ত হৈছে ২ লক্ষ ৬৪ হাজাৰ ২০২ জন। পজিটিভিটি ৰেট ১৪.৭৮ শতাংশ। ইয়াৰ ভিতৰত ওমিক্রন সংক্রমিতৰ সংখ্যা হৈছে ৫ হাজাৰ ৭৫৩।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ৩১৫ জনৰ। এই পর্যন্ত কৰোনাত দেশত মুঠ মৃত্যুৰ সংখ্যা ৪ লক্ষ ৮৫ হাজাৰ ৩৫০ জন। বর্তমানে দেশত কৰোনাত চিকিৎসাধীন ৰোগী ১২ লক্ষ ৭২ হাজাৰ ৭৩ জন। এই পর্যন্ত দেশত ৩ কোটি ৪৮ লক্ষ ২৪ হাজার ৭০৬ জন কৰোনাৰ পৰা মুক্ত হৈছে।













