![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে বিয়লি ৫ বজাত লাইনচ্যুত হয় বিকানেৰ-গুৱাহাটী এক্সপ্রেছ। উক্ত দুৰ্ঘটনাত এই পর্যন্ত ৯ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহত আন বহুকেইজন। আহতসকলক উদ্ধাৰ কৰি বিভিন্ন হস্পিটেলত ভর্তি কৰোৱা হৈছে। ৰে’ল বিভাগৰ সূত্ৰ মতে, দুর্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
আহতসকলৰ ভিতৰৰ ৩৬ জনৰ চিকিৎসা চলিছে জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত। ৬ জন যাত্রীৰ অৱস্থা সংকটজনক। ইফালে গোটেই নিশাজুৰি চলে উদ্ধাৰকাৰ্য। ঘন কুঁৱলীৰ মাজতো উদ্ধাৰকাৰ্য চলায় ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী, বিএছএফ, সশস্ত্র সীমা বলৰ জোৱানসকলে। দবাৰ ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি তাৰ সন্ধান অব্যাহত ৰাখিছে। জানিব পৰা মতে বহু কেইজন যাত্ৰী এতিয়াও সন্ধানহীন।













